দিল্লীত বন্ধ হ’ল বৰদিন আৰু নৱবৰ্ষৰ জনা সমাগম


 

Omicron Cases in India: দেশত এতিয়া দ্ৰুত গতিত বাঢ়িছে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ। আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে ২৩৬ৰ ঘৰ। দেশত Omicronৰ দ্ৰুত সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।


বৃহস্পতিবাৰৰ দিনটোত ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত Omicronত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে ২৩৬ৰ ঘৰ। বৈঠকৰ পিছতে ৰাজ্য সমূহলৈ সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কোৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বন্ধ হ’ল বৰদিন আৰু নৱবৰ্ষৰ জনা সমাগম। সেইদৰে আজিৰ দিনটোত মহাৰাষ্ট্ৰ আক্রান্তৰ সংখ্যা ৬৫।
অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে Omicronত আক্ৰান্তৰ ১০৪জন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে। আনহাতে যোৱা ২৪ঘণ্টাত সমগ্ৰ দেশতে Covid-19ত আক্রান্তৰ সংখ্যা ৭৪৯৫জন; মৃত্যু হৈছে ৪৩৪জনৰ।

Post a Comment

Previous Post Next Post