কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত



কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ (Cabinet Minister Anurag Thakur)ৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হৈছে কেইবাজনো লোক। হিমাচল প্ৰদেশৰ হামিৰপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। মন্ত্ৰীজনৰ কনভয়ৰ তিনিখন গাড়ী পৰস্পৰৰ মাজতে হয় এই সংঘৰ্ষ। দুৰ্ঘটনাটোত দুগৰাকী নিৰাপত্তাৰক্ষী আহত হৈছে। দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।


মন্ত্ৰী অনুৰাগ ঠাকুৰ হামিৰপুৰৰ ঘৰৰ পৰা দিল্লীলৈ গৈ থাকোতেই এই দুৰ্ঘটনা হয়। হামিৰপুৰ আৱৰ্তভৱনৰ ওলোৱাৰ কিছু দূৰ পিছতেই এই দুৰ্ঘটনা হয়। কনভয়ৰ এখন বাহনে অকস্মাত গাড়ীৰ ব্ৰেক মৰাত পিছফালৰ পৰা আহি থকা আন দুখন বাহনে খুন্দা মাৰে।

অৱশ্যে এই দুৰ্ঘটনাত মন্ত্ৰী বা আন কোনো লোকে বিশেষ গুৰুতৰ আঘাত পোৱা নাই।

Post a Comment

Previous Post Next Post