এইদৰে হলোউইন পালন কৰিলে আপোনাৰ চিনাকি বলীউড অভিনেত্ৰীয়ে


 

ইউৰোপৰ অতি প্ৰাচীন উৎসৱ হলোউইনত ভূতৰ ৰূপ লোৱাটো এটা প্ৰথা। ৩১ অক্টোবৰত  এই উৎসৱ পালন কৰা হয়। ভূতৰ ৰূপ লোৱা বা জোকাৰৰ দৰে পোছাক পৰিধান কৰা হয় যদিও এই দিনটোক পৱিত্ৰ বুলি মান্যতা দিয়া হয়। হলোউইনক লৈ অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা সকলোকে ব্যস্ত হোৱা দেখা যায়।


গতিকে হলোউইনৰ জ্বৰ চাৰিওফালে বিৰাজমান হোৱা দেখা গৈছিল। এই দিশত ৰৈ থকা নাই বলীউডো। বলীউডৰ কিছুদিন আগলৈ খুব চৰ্চাত থকা অভিনেত্ৰী শিল্পায়ো নিজকে সজালে এনে ৰূপত। শিল্পা চেট্টীৰ এই ৰূপ ভূতক ভয় কৰাসকলে নোচোৱাই ভাল।

শিল্পাই নিজৰ এই ৰূপ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি ভাইৰেল হৈ পৰিছে এতিয়া। অকল শিল্পাই নহয়, বহুতে এই হলোউইন উপলক্ষে বিচিত্ৰ পোছাক পিন্ধি তেওঁলোকৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁলোকৰ ভিতৰত আছে খুচী কাপুৰ, চোহা আলী খান আৰু কুনাল খেমুৰা।কিন্তু শিল্পা চেট্টীয়ে আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছে। শিল্পাই এই ভিডিঅ'টো পোষ্ট কৰাৰ পিছত নেটিজেনসকলে বিশ্বাস কৰিবলৈ টান হৈছিল এয়া শিল্পা চেট্টী বুলি।

Post a Comment

Previous Post Next Post