কিডনীৰ বিনিময়ত চৰকাৰী চাকৰিৰ অফাৰ!


 

চাকৰিৰ আশাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়ক বৃক্ক দান কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ এগৰাকী ব্যক্তিয়ে। নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকে এপিডিচিএলৰ মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।


বিগত  ২০২০বৰ্ষৰ ৩১ ডিচেম্বৰত হীৰুমণি শইকীয়াই এপিডিচিএলত চাকৰি লাভৰ আশাত এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ স্বামী দিপ্তাকৰ ডেকাক বৃক্ক দান কৰাৰ কথা সংবাদ মাধ্যমত অৱগত কৰে। হীৰুমণিয়ে সংবাদ মাধ্যমক আক্ষেপেৰে কয়, "এটা নিম্নবৰ্গৰ চৰকাৰী চাকৰি আৰু এটুকুৰা মাটিৰ বিনিময়ত মই বৃক্ক দান কৰাৰ কথা কৰবী বাইদেউক কৈছিলো। বাইদেউে মোৰ প্ৰস্তাৱ মানি মোক বৃক্ক দান দিবলৈ কৈছিল। কিন্তু বৃক্ক সংৰোপনৰ পিছৰে পৰা তেওঁলোকে মোৰ লগত যোগাযোগ বিচ্ছিন্ন কৰিলে।"
আজি নগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ হীৰুমণিয়ে এপিডিচিএলৰ উচ্চপদস্থ বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বৰ্তমানলৈকে এপিডিচিএলৰ উচ্চপদস্থ বিষয়া গৰাকীয়ে এই অভিযোগ সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Post a Comment

Previous Post Next Post