শ্ৰেয়াছ আয়াৰে অভিষেক টেষ্টত অৰ্জন কৰিলে উজ্জ্বল শতক



শ্ৰেয়াছ আয়াৰে (Shreyas Iyer) তেওঁৰ অভিষেক টেষ্টত এটা সুন্দৰ শতক অৰ্জন কৰিছে। কানপুৰ টেষ্টৰ দ্বিতীয় দিনা আয়াৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ১৫৭ টা বলত (IND vs NZ 1st Test) প্ৰথম টেষ্ট শতক অৰ্জন কৰে। তেওঁ তেওঁৰ ইনিংছত ১২ টা চাৰি আৰু দুটা ছয় মাৰিছিল। আয়াৰ হৈছে অভিষেক টেষ্টত শতক অৰ্জন কৰা ১৬তম ভাৰতীয় বেটছমেন। আয়াৰে ১৭১ টা বলত ১০৫ ৰাণ কৰি বিদায় লয়

শ্ৰেয়াছ আয়াৰ হৈছে নিউজিলেণ্ডৰ বিৰুদ্ধে অভিষেক টেষ্টত শতক অৰ্জন কৰা তৃতীয় ভাৰতীয়। তেওঁ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অভিষেক টেষ্টত শতক অৰ্জন কৰা দ্বিতীয় ভাৰতীয়। ১৯৬৯ চনত তেওঁৰ আগত গুণ্ডাপ্পা বিশ্বনাথ আছিল। আয়াৰে ২০১৭ চনত ভাৰতীয় দলৰ হৈ টি-২০ আৰু এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল।

Post a Comment

Previous Post Next Post