ৰোহিতৰ সৈতে ভাৰতৰ ৪ দ্বিগজ ক্ৰিকেটাৰক বিশ্ৰাম, ৰাহানে হ'ব অধিনায়ক !


 

নিউজিলেণ্ডৰ (India vs New Zealand) বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। বিৰাট কোহলী (Virat Kohli)ৰ অনুপস্থিতিত আজিংক্য ৰাহানে (Ajinkya Rahane)ক অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। ৰোহিত শৰ্মাক (Rohit sharma) দুখন খেলৰ টেষ্ট শৃংখলাৰ বাবে বিশ্ৰাম দিয়া হৈছে। অভিজ্ঞ বেটছমেন চেতেশ্বৰ পূজাৰাক উপ-অধিনায়ক বনোৱা হৈছে। ৰাহানে কানপুৰত প্ৰথম টেষ্টত দলটোৰ অধিনায়ক হ'ব। বিৰাট কোহলীয়ে ৩ ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ'বলগীয়া টেষ্টৰ বাবে উভতি আহিব। নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী আৰু ঋষভ পন্তক বিশ্ৰাম দিয়া হৈছে। প্ৰথম খন টেষ্ট ২৫ নৱেম্বৰত কানপুৰত আৰম্ভ হ'ব।


নিউজিলেণ্ড টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলঃ আজিংক্য ৰাহানে (অধিনায়ক), কে এল ৰাহুল, মায়াংক আগৰৱাল, চেতেশ্বৰ পুজাৰা (উপ-অধিনায়ক), শুভমান গিল, শ্ৰেয়াছ আয়াৰ, ঋদ্ধিমান সাহা (উইকেটকিপাৰ), কে এছ ভৰত (উইকেটকিপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, জয়ন্ত যাদৱ, ইশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা।

Post a Comment

Previous Post Next Post