অসমত গঢ়ি উঠা চান্দাৰ অপসংস্কৃতি ৰোধ কৰিব লাগিব বিজেপি যুৱ মৰ্চাইঃ পৰিমল শুক্লবৈদ্য


 

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰথমখন কার্যনির্বাহক সভা দেওবাৰে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ল ৷


ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সকলাে বিষয়ববীয়া, বর্ধিত বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আমন্ত্রিত আৰু বিশেষ আমন্ত্রিত সদস্যসকলৰ উপৰিও অসমৰ চল্লিশখন সাংগঠনিক জিলাৰ সভাপতিসকল, সাধাৰণ সম্পাদক সকলৰ লগতে একোগৰাকী জিলাই প্রতি মহিলা কার্যকর্তা উপস্থিত থকা কার্যনির্বাহক সভাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই।


ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা যুৱ মৰ্চাৰ ৰাজ্যিক প্রভাৰী দিল্লুৰঞ্জন শমাই যুৱ মৰ্চাৰ কাৰ্যকর্তাসকলক উদ্দেশ্যি দিয়া ভাষণত যুৱ মৰ্চাৰ গুৰুত্ব উল্লেখ কৰাৰ লগতে বিজেপিৰ সংঘর্ষময় উত্থানৰ সবিশেষ দাঙি ধৰে। ভাষণ প্রসংগত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে— 'অসমক সর্বতােপ্ৰকাৰে আগবঢ়াই নিয়াৰ লগতে ইছলামিক আগ্রাসন আৰু নৈৰাজ্যবাদীৰ পৰা ৰক্ষা কৰিবৰ বাবে যুৱ মৰ্চাৰ কাৰ্যকর্তাসকল বদ্ধপৰিকৰ হ’ব লাগিব।'

অসম চৰকাৰৰ কেবিনেট মন্ত্রী তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি পৰিমল শুক্লবৈদ্যই কয় যে, 'অসমত এচামে কেৱল চান্দা সংস্কৃতি গঢ় দিছে, সেইখিনি যুৱ মৰ্চাই ৰােধ কৰিব লাগিব।'

ভাৰতীয় জনতা পাৰ্টীৰ  ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাই সভাত উপস্থিত হৈ যুৱ কার্যকর্তাসকলক উদ্দেশ্যি মার্গদর্শন আগবঢ়ায়। ভাষণ প্রসংগত সভাপতি কলিতাই বিজেপিৰ প্রতিষ্ঠা দিৱস ৬ এপ্রিলৰ পৰাই অসমত পাঁচ লাখ যুৱক- যুৱতীক বিজেপিত অন্তর্ভুক্ত কৰাৰ কথা ব্যক্ত কৰে।

Post a Comment

Previous Post Next Post