মেথেমেথিক্স আৰু কেমেষ্ট্ৰীৰে আসন্ন পাঁচ ৰাজ্যৰ নিৰ্বাচনত জয়ী হোৱাৰ দাবী বিজেপিৰ !



 নিৰ্বাচন হৈছে মেথেমেথিক্স আৰু কেমেষ্ট্ৰী ৷ মেথেমেথিক্স আৰু কেমেষ্ট্ৰীৰেই আসন্ন পাঁচ ৰাজ্যত জয়ী হোৱাৰ দাবী তুলিছে বিজেপিয়ে ৷ ২০২২ৰ আৰম্ভণিতে দেশৰ পাঁচখনকৈ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷


উত্তৰ প্ৰদেশ, গোৱা,পঞ্জাৱ, উত্তৰাখণ্ড আৰু মণিপুৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ যাৰ বাবে বিজেপি সাজু হৈছে পৃথক পৃথক ৰণকৌশলৰে ৫খন ৰাজ্যৰ নিৰ্বাচনৰ বাবে ৷ বিজেপিৰ দাবী পঞ্জাৱতো ভাল ফল দেখুৱাব বিজেপিয়ে ৷ সুযোগ ল'ব কংগ্ৰেছৰ গৃহ কন্দলৰ ৷ অমৰীন্দৰ সিঙৰ পদত্যাগ, নৱজ্যোৎ সিং সিদ্ধু ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পণ আদি বহু বিষয়ে পঞ্জাৱ কংগ্ৰেছক বিপদত পেলাব বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাই ক'লে, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মণিপুৰ দখল কৰিব পুনৰ বিজেপিয়ে ৷ দখল কৰিব যোগী আদিত্যনাথে পুনৰবাৰ উত্তৰ প্ৰদেশ ৷ 

গোৱা,উত্তৰাখণ্ডতো পুনৰ চৰকাৰ গঠন কৰাৰ দাবী বিজেপিৰ ৷ ইফালে তিনিদিনীয়া বিধায়ক প্ৰশিক্ষণ পৰ্বত উপস্থিত থকা সাধাৰণ সম্পাদক গৰাকীয়ে কি কি দিশত বিধায়ক,সাংসদ সকলক প্ৰশিক্ষণ দিয়া হৈছিল তাকো কৰিলে সদৰী ৷ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীৰ দাবী, কংগ্ৰেছৰ স্খলনৰ মূলতে সংস্কাৰৰ অভাৱ ৷ জয়ৰাম ৰমেশ, কপিল ছিব্বালৰ দৰে মেধাসম্পন্ন নেতা থকা স্বত্তেও সংস্কাৰৰ অভাৱত কংগ্ৰেছ দুৰ্দিনৰ সন্মুখীন হৈছে বুলি মত পোষণ বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মাৰ ৷ এতিয়া কথা হ'ল, দাবী কৰাৰ ধৰণেই পাঁচ ৰাজ্য দখল সম্ভৱ হ'বনে বিজেপিৰ? ইয়াৰ উত্তৰ ওলাব সময়তহে ৷

মেথেমেথিক্স আৰু কেমেষ্ট্ৰীৰে পাঁচ ৰাজ্যত জয়ী হোৱাৰ দাবী বিজেপিৰ ৷ কংগ্ৰেছত ভাল নেতা আছে সংস্কাৰ নাই ৷ সংস্কাৰী নেতাৰ অভাৱৰ বাবে কংগ্ৰেছৰ হৈছে দুৰৱস্থা ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সাধাৰণ দীপ্লু ৰঞ্জন শৰ্মাৰ ৷ আসন্ন পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপিয়েই শেষ হাঁহি মাৰিব বুলিও দাবী সাধাৰণ সম্পাদক গৰাকীৰ ৷ মেথেমেথিক্স আৰু কেমেষ্ট্ৰীৰে পাঁচ ৰাজ্যত জয়ী হোৱাৰ দাবী বিজেপিৰ কংগ্ৰেছত ভাল নেতা আছে সংস্কাৰ নাই ৷ সংস্কাৰী নেতাৰ অভাৱৰ বাবে কংগ্ৰেছৰ হৈছে দুৰৱস্থা ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সাধাৰণ দীপ্লু ৰঞ্জন শৰ্মাৰ ৷ আসন্ন পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপিয়েই শেষ হাঁহি মাৰিব বুলিও দাবী সাধাৰণ সম্পাদক গৰাকীৰ ৷

Post a Comment

Previous Post Next Post