এগৰাকী মহিলা আৰক্ষী বিষয়াই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। তামিলনাডুৰ মহিলা আৰক্ষী ইন্সপেক্টৰ টি ৰাজেশ্বৰী। চেন্নাইৰ ভয়াৱহ বান পৰিস্থিতিত ঢলি পৰা এগৰাকী যুৱকক নিজৰ কান্ধত উঠাই উদ্ধাৰ কৰিছিল মহিলা আৰক্ষীগৰাকীয়ে। আৰু শুকুৰবাৰে সেইগৰাকী টি ৰাজেশ্বৰীৰ অসাধাৰণ কীৰ্তিৰ বাবে সন্মান জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে।
বিগত কেইবাদিনো ধৰি তীব্ৰ বৃষ্টিপাত চেন্নাইত। বৃষ্টিপাতলৰ ফলত সমগ্ৰ চহৰ জলমগ্ন। তাৰ মাজতে এজন অচেতন ব্যক্তিক কান্ধত তুলি হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে মহিলা আৰক্ষী অফিচাৰগৰাকীয়ে। বৃহস্পতিবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হয় মহিলাগৰাকীৰ ভিডিও। তাৰ পিছতে সকলোৱে একেমুখে প্ৰশংসা কৰে মহিলা আৰক্ষী বিষয়াগৰাকীৰ কাৰ্যক।
https://twitter.com/ANI/status/1458725092720930820?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1458725092720930820%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fassam.news18.com%2Fnews%2Fnation%2Fchennai-flood-tamil-nadu-police-t-rajeshwari-received-appreciation-from-chief-minister-mk-stalin-hb-169739.html
উল্লেখ্য যে, পানীত পৰি ২৮ বছৰীয়া লোকজন অচেতন হৈ পৰিছিল। অসুস্থ লোকজনক দেখা পাই উদ্ধাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। নিজৰ কান্ধত তুলি ব্যক্তিজনক হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে টি ৰাজেশ্বৰীয়ে। চেন্নাইৰ টিপি চত্ৰম থানাত কৰ্মতৰ ইন্সপেক্টৰ ৰাজেশ্বৰী।