অনলাইনত পাছপোৰ্টৰ ক'ভাৰ অৰ্ডাৰ কৰি লাভ কৰিলে আন ব্যক্তিৰ পাছপোৰ্ট



অনলাইনৰ জৰিয়তে অৰ্ডাৰ কৰা বস্তুৰ সলনি অন্য বস্তু লাভ কৰাৰ ঘটনা প্ৰায়েই শুনিবলৈ পোৱা যায়। কোনো কোনোৱে টিভি বা অন্যান্য ইলেক্ট্ৰনিক্স সামগ্ৰী অৰ্ডাৰ কৰিলে পাথৰ, ইটা বা চাবোন লাভ কৰাৰো উদাহৰণ নথকা নহয়। এনে ঘটনা প্ৰায় প্ৰতিদিনে ক'ৰবাত নহয়, ক'ৰবাত ঘটিয়েই থাকে। কিন্তু এইবাৰ যি ঘটিল, অৰ্ডাৰ কৰা পাৰ্চেল লাভ কৰি চকু কঁপালত উঠিল সকলোৰে!

কেৰালাৰ এগৰাকী ব্যক্তিয়ে অনলাইনৰ জৰিয়তে অৰ্ডাৰ কৰিছিল এখন পাছপোৰ্ট কভাৰ। কিন্তু তাৰ সলনি যি আহিল, সেয়া কিদৰে বুজাব ভাবিয়েই নাপালে। পেকেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিলে এখন প্ৰকৃত পাছপোৰ্ট।


ক্ৰেতাৰ নাম মিথুন বাবু। তেওঁ কেৰালাৰ ওয়ানাড়ৰ বাসিন্দা। এটা ই-কমাৰ্ছ সংস্থাৰ ৱেবচাইটত যোৱা ৩০ অক্টোবৰত অৰ্ডাৰ কৰিছিল পাছপোৰ্টৰ ক'ভাৰ। কিন্তু পিছৰ দিনা অর্থাৎ ১ নৱেম্বৰৰ দিনা ঘৰত ডেলিভাৰী হয় এখন আচল পাছপোৰ্ট।

সেই পাছপোৰ্টখন মহম্মদ চালেহ নামৰ এজন লোকৰ নামত থকা। লোকজন ত্ৰিশূলৰ কুন্নামকুলামৰ বাসিন্দা। Mathrubhumi-ৰ খবৰ অনুসৰি, সেই পাছপোৰ্ট হাতত পাই যুৱকজনে ই-কমাৰ্ছ সংস্থাৰ কাষ্টমাৰ কেয়াৰত ফোন কৰিও বিশেষ সহায় লাভ নকৰিলে বুলি কয়।

পিছত লোকজনে দেৰি নকৰি পাছপোৰ্টত থকা ঠিকনাত কুৰিয়াৰ কৰি পঠিয়ায়। কাৰণ পাছপোৰ্টত কোনো ধৰণৰ ফোন নম্বৰ লিখা নাথাকে। গতিকে ফোন কৰাও সম্ভৱ নহয়। 

Post a Comment

Previous Post Next Post