জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকা ছচিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয়। অভিনেত্ৰীগৰাকীৰ প্ৰায় প্ৰতিটো পোষ্টেই ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। শেহতীয়াকৈ দ্বীপলিনাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ আহিবলগীয়া গুণগুণ শীৰ্ষক গীতটোৰ পোষ্টাৰ। আৰু তেতিয়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকী। কিছুদিন পূৰ্বে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰণবাৰী সিঙৰ এক বিশেষ শুভেচ্ছা বাৰ্তা ছচিয়েল মিডিয়াত আপলোড কৰিছিল দ্বীপলিনাই। আৰু সেইপোষ্টটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।
জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকালৈ বলীউদৰ অভিনেতা ৰণবীৰ সিঙে সঁচাকৈ প্ৰেৰণ কৰিছিল নে শুভেচ্ছা বাৰ্তা? কণ্ঠশিল্পীগৰাকীয়ে নিজে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা সেই বিশেষ শুভেচ্ছা বাৰ্তাৰ ৰহস্য কি?
ইয়াৰ বাবে দ্বীপলিনা ডেকাই সহায় লৈছিল এটা বিশেষ ৱেবচাইটৰ। Bollywish নামৰ ৱেবচাইটটোৰ জৰিয়তে আপুনিও নিজৰ পছন্দৰ টেলিব্ৰিটীৰ পৰা ল'ব পাৰে শুভেচ্ছাবাণী। অৱশ্যে ইয়াৰ বাবে আপুনি বলীউইচক পৰিশোধ কৰিব লাগিব নিৰ্দিষ্ট পৰিমাণৰ ধন। শতাধিক তাৰকা থকা এই বলীউইচত চেলিব্ৰিটী অনুযায়ী নিৰ্ধাৰণ কৰা মাছুল বেলেগ বেলেগ।
নূন্যতম ৮০০ৰ পৰা ১০০০ টকাৰ ভিতৰত আপুনিও পছন্দৰ চেলিব্ৰিটীৰ পৰা লব পাৰিব শুভেচ্ছা বাৰ্তা। কেৱল বলীউদৰ তাৰকাই নহয়, ক্ৰীড়া, সাহিত্য জগতৰ বহু বিশিষ্ট লোকৰ পৰা আপুনিও লাভ কৰিব পাৰিব নিজৰ বাবে শুভেচ্ছাবাৰ্তা।