মৃতদেহ সৎকাৰ কৰিবলৈ গৈ ১৭জনৰ মৃত্যু

 


পশ্চিম বংগত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১৭জন লোকৰ মৃত্যু হয়। নদিয়াৰ ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত আহত হৈছে কেইবাজনো লোক। আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। সেয়েহে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নদিয়াৰ হাসখালিৰ ফুলবাৰী অঞ্চলত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।


স্থানীয় সূত্ৰ অনুসৰি, এখন ট্ৰাকত মৃতদেহ সৎকাৰ কৰিবলৈ নবদ্বীপৰ শ্মশানলৈ গৈছিল প্ৰায় ৩৫জন লোক। নিশা দুই বজাত হাসখালি–কৃষ্ণনগৰ পথত বুলবাৰীৰ সমীপত পথৰ কাষত ৰৈ থকা এখন শিলভৰ্তি ট্ৰাকত খুন্দা মাৰে ট্ৰাকখনে। ফলত ঘটনাস্থলীতে কেইবাজনৰো মৃত্যু হয়। আহতসকলক উদ্ধাৰ কৰি শক্তিনগৰ জিলা হাস্পতাললৈ নিয়া হয়। তেওঁলোকৰ কেইবাজনকো কলকাতালৈ প্ৰেৰণ কৰা হয়।
স্থানীয় লোকৰ দাবী, বৰ্তমানলৈ ১৭জন লোকৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত। আৰু চাৰিজনৰ অৱস্থা সংকটজনক। মৃতসকলৰ ভিতৰত কেইবাটিও শিশু আছে। স্থানীয় সূত্ৰ অনুসৰি পাৰমদন ফৰেষ্ট অঞ্চলৰ এজন বাসিন্দাৰ মৃত্যু হৈছিল শনিবাৰে নিশা। সেই মৃতদেহ সৎকাৰ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

Post a Comment

Previous Post Next Post