শিৱসাগৰৰ ২ নং মঠাদাঙত সুৰামত্ত আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত (Accident) এজন যুৱকৰ মৃত্যু হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সুৰাসক্ত অসম আৰক্ষীৰ জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত নৱজ্যোতি ফুকন নামৰ যুৱকজনক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (AMCH)লৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যু হয়।
উল্লেখযোগ্য যে মংগলবাৰৰ নিশা AS 01 BD 5730 নম্বৰৰ গাড়ীখনৰ আৰোহী প্ৰদীপ দাস নামৰ আৰক্ষী (Assam Police) জোৱানজনৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত হৈছিল বাইক আৰোহী নৱজ্যোতি ফুকন নামৰ যুৱকজন। ততাতৈয়াকৈ তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও আদ বাটতে মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতে আৰক্ষী জোৱানজনে পলায়নৰ চেষ্টা চলাই যদিও ৰাইজে খেদি খেদি কৰায়ত্ত কৰে।
শিৱসাগৰ আৰক্ষীয়ে নিশাই প্ৰদীপ দাস নামৰ জোৱানজনক গ্ৰেপ্তাৰ কৰে । থানাত ৰুজু কৰা ১৩৩১/২০২১ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৩০৪(এ) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী জোৱানজনক।
প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানজন লিগিৰীপুখুৰীস্থিত APBNত কৰ্মৰত। ৰাইজে মৃত্যু মুখত পৰা যুৱকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে জোৱানজনক কঠোৰ শাস্তিৰ দাবীত শিৱসাগৰ থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।