'টকা দিলে নহ'বহে কোনো কাম, ২৪ ঘণ্টাই জনতাৰ সেৱাত ৰাজ্য চৰকাৰ'


 

সকলো সময়তে সক্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। চৰকাৰ গঠনৰ পিছৰ পৰাই বিভিন্ন দিশত কঠোৰ হৈ পৰিছে চৰকাৰ। চৰকাৰৰ বিভিন্ন আঁচনি, কাম কাজে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ। তেনেসময়তে এইবাৰ ২৪ ঘণ্টাই জনতাৰ বাবে বহু চৰকাৰী সেৱা উপলব্ধ কৰাৰ দিশত আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে,  'নিশা ২ বজাতো হ'ব ড্ৰাইভিং লাইচেন্সৰ কাম। ল'ব পাৰিব এমপ্লইমেণ্ট এক্সচেঞ্জৰ নম্বৰ।  ২ বজাত  ASTC, জাহাজৰ টিকট লাভ কৰিব জনসাধাৰণতে। এনেদৰে ৰাজ্য চৰকাৰে সুবিধা দিব বিচাৰিছে ৰাইজক। অফিচত আহিব নালাগে। ঘৰৰ পৰাই কৰক সকলো কাম। ২৪ ঘণ্টাই উপলব্ধ হ'ব সকলো সেৱা। কৰ্মচাৰীৰ বাবেহে ১০টাৰ পৰা ৫টী লৈকে অফিচ। বাকী সকলো সময়তে সাধাৰণ লোকে সেৱা লওক। ৰাজ্য চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে।'
দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কঠোৰ ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে,  'অসমৰ ৰাইজক অনুৰোধ, ক'তো এটকাও নিদিব। টকা দিলে লোকচানহে হ'ব। এইখন চৰকাৰৰ দিনত টকা দিয়াৰ কাম নহয়েই। মানুহৰ মনৰ পৰা আঁতৰি যাব লাগে এই ধাৰণা।'

Post a Comment

Previous Post Next Post