দক্ষিণ আফ্ৰিকাত পোৱা কোভিড-19ৰ B.1.1.529 ভেৰিয়েণ্টৰ কোনো ৰোগী এই পৰ্যন্ত ভাৰতবৰ্ষত নাই। সংবাদ সংস্থাই শুকুৰবাৰে বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই তথ্য জনাইছে। B.1.1.529 ভেৰিয়েণ্টে দক্ষিণ আফ্ৰিকালৈ এতিয়া ভাবুকি কঢ়িয়াইছে। বিশ্ব স্বাস্থ্য সংস্থাই কোৰোণা ভাইৰাছৰ এই ৰূপটোৰ ওপৰত চৰ্চা কৰিবলৈ জৰুৰী বৈঠকৰ আহ্বান কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ কোভিড-১৯ বিষয়ৰ এক্সপাৰ্ট ড০ মাৰিয়া ৱেইন কেৰ্কভে কয়, "আমি এতিয়ালৈকে এই বিষয়ে বেছি নাজানো। আমি যিখিনি জানো সেই হিচাপত এই প্ৰকাৰটোত বৃহৎ সংখ্যক পৰিৱৰ্তন আছে। আৰু ই এটা সময়ত চিন্তাৰ কাৰণ হৈ উঠিব পাৰে।' বিজ্ঞানীসকলে লগতে সতৰ্ক কৰি দিছে যে, প্ৰকাৰটোত বৃহৎ সংখ্যক পৰিৱৰ্তন আছে, যাৰ ফলত বহু লোক আক্ৰান্ত হ'ব পাৰে।
কোৰোণাৰ এই নতুন প্ৰকাৰকলৈ ভাৰত চৰকাৰ ইতিমধ্যে সষ্টম হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ইয়াত কোৱা হৈছে, "NCDCৰ ফালৰ পৰা জনোৱা হৈছে যে, Botswanaত ৩ জন, দক্ষিণ আফ্ৰিকাত ৬জন আৰু হংকঙত ১জন লোকৰ শৰীৰত কোৰোণাৰ B.1.1.529 ভেৰিয়েণ্টৰ সংক্ৰমণ ধৰা পৰিছে। ভূষণে লগতে কৈছে যে, এই দেশবোৰৰ উপৰিও, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাৱলীত অন্তৰ্ভুক্ত "বিপদাশংকা" দেশৰ যাত্ৰীসকলৰ কঠোৰ স্ক্ৰীণিং কৰাটো বাধ্যতামূলক।