কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা বিমান যাত্ৰীসকলক উৎসৱৰ বতৰত দিলে ভাল খবৰ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে কোৰোণা ভাইৰাছ মহামাৰীৰ পিছত ঘৰুৱা বিমানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, এতিয়া ১৮ অক্টোবৰ ২০২১ৰ পৰা ঘৰুৱা বাণিজ্যিক বিমানত যাত্ৰীৰ ক্ষমতাক লৈ থকা নিষেধাজ্ঞা উঠাই লোৱা হ’ব। সহজ অৰ্থত এতিয়া ঘৰুৱা কমাৰ্চিয়েল বিমান সম্পূৰ্ণ ক্ষমতাৰে চলিব পাৰিব।
কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ ২০২১ত ঘৰুৱা বিমানৰ যাত্ৰীৰ ক্ষমতা ৭২.৫ শতাংশৰ পৰা বৃদ্ধি কৰি ৮৫ শতাংশ কৰিছিল। এতিয়া আগন্তুক সপ্তাহৰ পৰা সম্পূৰ্ণ ক্ষমতাৰে দেশত বিমান চলাচল কৰিব পাৰিব। লগতে মন্ত্ৰণালয়ে এয়াৰলাইনছ তথা বিমানবন্দৰ অপাৰেটৰ্ছক কৈছে যে কোভিড–১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ সকলো উপায় সুনিশ্চিত কৰা হওক। লগতে যাত্ৰাৰ সময়ত কোভিড অনুকুল ব্যৱহাৰ পালন কৰিব লাগিব।
Tags:
National