মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি (Dacoity) কাণ্ড। কাহিলিপাৰা ষ্টেট বেংক (State Bak of India, Kahilipara Branch)ৰ সমীপৰ পৰা পালছাৰ বাইক (Pulsar bike)ত অহা দুৰ্বৃত্তই এজন লোকৰ পৰা লুটি নিলে ৫ লাখ টকা। পৰেশ শৰণীয়া নামৰ লোক জনৰ ৫ লাখ টকা কৌশলেৰে লুটি নিলে ডকাইতে।
জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰী পৰেশ শৰণীয়াই বেংকৰ পৰা টকাখিনি উলিয়াই আনি অলপ আঁতৰতে ৰখাই থোৱা নিজৰ গাড়ীখন লৈ যাবলৈ ওলাওতেই ডকাইতে লুটি নিয়ে টকাখিনি।
টকাখিনি উলিয়াই গাড়ীত বহোতেই টকাৰ বেগটো কাঢ়ি নিয়ে দুই দুবৃত্তই। গাড়ীৰ চালকৰ কাষৰ আসনৰ তলতে টকাৰ বেগটো থৈ গাড়ী ষ্টাৰ্ট দিব ওলাওতেই এজন যুৱকে তেওঁৰ পইচা পৰিছে বুলি শৰণীয়াক কয়। একো নাভাবি শৰণীয়াই গাড়ীৰ পৰা নামি দেখে যে কেইবাখনো দহ টকীয়া নোট পৰি আছে। নোট দুখনমান বুটলি লওতেই গাড়ীৰ পৰা টকাৰ বেগটো লৈ পলায়ন কৰে দুই যুৱকে।
লগে লগে এগৰাকী যুৱতীয়ে চিঞৰ-বাখৰ কৰাত হৈ চৈ লাগে এলেকাটোত। সকলোৱে যুৱক দুজনক খেদিবলৈ চেষ্টা কৰে যদিও মুহূৰ্ততে পলাবলৈ সক্ষম হয় যুৱক দুজন। অৱশ্যে অতি তৎপৰতাৰে যুৱতীগৰাকীয়ে বাইকখনৰ নাম্বাৰটো ৰাখিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।
