যোৱা কেইদিনমানৰ পৰা ক'ভিড সংক্ৰমণ কমিছিল যদিও দেশখন কোৰোনা ভাইৰাছ (Coronavirus)ৰ পৰা সম্পূৰ্ণৰূপে উপশম হোৱা নাছিল। কিন্তু যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমণ কালিতকৈ সামান্য বৃদ্ধি হোৱা দেখা গৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ২৭,১৭৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে। পূৰ্বৰ ২৪ ঘণ্টাত এই সংখ্যা আছিল ২৫,৪০৪।
ভুক্তভোগীৰ মুঠ সংখ্যা হৈছে ৩৩.৩৩ লাখ ১৬ হাজাৰ ৭৫৫। অৱশ্যে, আক্ৰান্তৰ সংখ্যা অলপ বৃদ্ধি পাইছে যদিও কোৰোনাৰ পৰা মুক্ত লোকৰ সংখ্যাও বৃদ্ধি পাইছে। সুখৰ কথা যে কোৰোনাত মৃত্যু আৰু সক্ৰিয় কেছৰ সংখ্যা হ্ৰাস পাইছে.
পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কোৰোনা-মুক্তৰ সংখ্যা হৈছে ৩৮,১০২ আৰু ২৮৪জন লোকৰ মৃত্যু হৈছে। কোৰোনা (Coronavirus Update India) মুক্তৰ সংখ্যা মঙলবাৰৰ দিনটোত আছিল ৩৭,১২৭ মৃত্যুৰ সংখ্যা আছিল ৩৩৯জন। দেশত কোৰোনাত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৪,৪৩,৪৯৭জন। এতিয়ালৈকে কোৰোনা টিকাকৰণ (Covid Vaccine)ৰ ক্ষেত্ৰত দেশত মুঠ ৭৫ কোটি ৮৯ লাখ ভেকচিন ড'জ দিয়া হৈছে। বুধবাৰৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ৬১.১৫ লাখ ৬৯০ জন লোকৰ টিকাকৰণ হৈছে।
এতিয়ালৈকে ভাৰতত কোৰোনা সক্ৰিয় লোকৰ সংখ্যা হৈছে ৩ লাখ ৫১ হাজাৰ ৮৭জন। এতিয়ালৈকে কোৰোনাৰ পৰা আৰোগ্য হৈছে মুঠ ৩ কোটি ২৫ লাখ ২২ হাজাৰ ১৭১ জন।
