দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে চিকিৎসালয় খুলিব অভিনেতা চনু সুদে



আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অভিনেতা চনু সুদে (Sonu Sood) অস্বীকাৰ কৰিছে আয়কৰ ফাঁকিৰ অভিযোগক। অভিনেতা গৰাকীয়ে চনু সুদ ফাউণ্ডেশ্যনৰ যোগেদি আৰ্তজনলৈ আগবঢ়াই আহিছে সহায়ৰ হাত। সম্প্ৰতি হায়দৰাবাদত মানৱ সেৱাৰ বাবে হাস্পতাল খোলাৰ পৰিকল্পনা কৰিছে অভিনেতাগৰাকীয়ে। প্ৰায় ১৮ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰৰ অভিযোগক নস্যাৎ কৰি চনু সুদে কয়, "আমি ক'ভিদ ১৯ৰ প্ৰথম ঢৌৰ সময়ত বহু লোকলৈ সহায়ৰ হাত আগবঢ়াইছিলো। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।"


চনু সুদ জীয়াই নাথাকিলেও দুখীয়াই বিনামূলীয়া চিকিৎসা পাব:

অহা ৪-৫মাহৰ ভিতৰতে দুখীয়া মানুহৰ বাবে হায়দৰাবাদত এখন চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম আৰম্ভ কৰিব চনু সুদ ফাউণ্ডেচনে। অভিনেতা গৰাকীয়ে এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, "মই জীয়াই থাকো বা নাথাকো অনাগত ৫০বছৰলৈ ইয়াৰ দুখীয়া মানুহে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব সেয়াই মোৰ লক্ষ্য।" উল্লেখযোগ্য যে সকলো উন্নত মানৰ চিকিৎসা সেৱা সুবিধা উপলব্ধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চিকিৎসালয়খনৰ পৰিকল্পনা আৰম্ভ কৰিছে চনু সুদে।

Post a Comment

Previous Post Next Post