চৰকাৰৰ কি সিদ্ধান্তৰ বিৰুদ্ধে সৰব হ'ল জুবিন গাৰ্গ?



অসমৰ বিভিন্ন কোষাগাৰত ৰাখি থোৱা গঁড়ৰ খৰ্গসমূহ চৰকাৰে পুৰি পেলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাত  আপত্তি দৰ্শাইছে  জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ কোষাগাৰত থকা গঁড়ৰ খৰ্গ সমুহ মিউজিয়ামত সংৰক্ষণ কৰাৰ পোষকতা কৰে জুবিন গাৰ্গে ৷


আফ্ৰিকাৰ কংগো নামৰ দেশখনতো এবাৰ হাতীৰ দাত জ্বলাই দিয়া হৈছিল যদিও জুবিনে জ্বলাই দিয়াটো সমৰ্থন নকৰে ৷ গড়ঁৰ খৰ্গ যে একো কামত নাহে তেনে নহয় আৰু কিছুমান মানুহে ঔষধ বনোৱা বা অন্য কামত খৰ্গ ব্যৱহাৰ বুলি বিশ্বাস কৰে সেয়া সত্য নহয় ৷ আগৰ দিনত ৰজা মহাৰজাই ঘৰত সজাবলৈ এইবোৰ ব্যৱহাৰ কৰিছিল আৰু এতিয়া এইবোৰ জ্বলাই দিয়াতকৈ মিউজিমাত সংৰক্ষণ কৰিলে ভাল বুলি মন্তব্য কৰে কন্ঠশিল্পীগৰাকীয়ে ৷

সোমবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি পাম কন্যকাত  উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ কন্যকাই দেখুওৱা কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ প্ৰত্যেকজন কৃষকে খেতিৰ জৰিয়তে যাতে মাৰ্চিডিছ ল'ব পাৰে সেই আশা কৰে শিল্পীগৰাকীয়ে ৷
কন্যকাত থকা অসমৰ ভিতৰত বৃহৎ গোহালীৰ লগতে গুজৰাটৰ গিৰ গাই পৰিদৰ্শন কৰি অভিভূত হৈ পৰে কণ্ঠশিল্পীগৰাকী ৷ অসমত থাকি তালিবানৰ জয় গান গোৱা সকলৰ বিৰূদ্ধেও সোচ্চাৰ হৈ পৰে কন্ঠশিল্পীগৰাকী ৷ লগতে শৃংখল চলিহাকো বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জনপ্ৰিয়  শিল্পীগৰাকীয়ে ৷

উল্লেখযোগ্য যে, কন্যকাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা জুবিন গাৰ্গক কন্যকা পৰিয়ালৰ হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰীকাই  কন্যকাৰ উৎপাদিত সামগ্ৰীৰ এটা টোপোলা উপহাৰ হিচাপে প্ৰদান কৰে ৷

Post a Comment

Previous Post Next Post