২০১৫ চনলৈ হিন্দু ধৰ্মাৱলম্বী লোকৰ প্ৰজনন ক্ষমতা হাৰ ২.১ হোৱাৰ বিপৰীতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এই পৰিসংখ্যা হৈছে গৈ ২.৬ শতাংশ । অৰ্থাৎ ৬বছৰৰ আগলৈকে এগৰাকী হিন্দু মাতৃয়ে জীৱনকালত ২.১টা সন্তান জন্ম দিয়াৰ বিপৰীতে এগৰাকী মুছলমান মাতৃয়ে নিজৰ জীৱনকালত ২.৬টা সন্তান প্ৰসৱ কৰিব পাৰে । তাৰতম্য মাথোঁ ০.৫ ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ Pew Research Centre নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানে অলপতে প্ৰকাশ কৰিছে এই তথ্য । ১৯৫১চনৰ পৰা দেশৰ ধৰ্মীয় জনবিন্যাস গভীৰভাৱে অধ্যয়ন কৰি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে এই গৱেষণা পত্ৰ । আৰু ১৯৫১চনতে স্বাধীনোত্তৰ ভাৰতৰবৰ্ষত প্ৰথমটো লোকপিয়ল কৰা হৈছিল । ১৯৫১চনত পৰা দেশত হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ অনুপাতৰ কিছু তাৰতম্য ঘটাৰ তথ্যও এই গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে ।
গৱেষণা পত্ৰখনত উল্লেখ কৰা মতে ১৯৯২চনত মুছলমানৰ প্ৰজনন ক্ষমতা আছিল ৪.৪ আৰু হিন্দুৰ আছিল ৩.৩ । আনহাতে ১৯৫১চনৰ পৰা ১৯৬১চনৰ ভিতৰত মুছলমান সকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩২.৭শতাংশ । সেই সময়ছোৱাত সৰ্বভাৰতীয় পৰ্যায়ত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২১.৬শতাংশ । ইয়াৰ বিপৰীতে ২০০১চনৰ পৰা ২০১১চনলৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে ২৪.৭শতাংশ আৰু ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰ ১৭.৭শতাংশ । ১৯৫১চনৰ পৰা দেশত মুছলমানৰ জনসংখ্যা ৪.৪শতাংশ বৃদ্ধি হৈ হৈছে মূল জনসংখ্যাৰ ১৪.২শতাংশ আৰু হিন্দুৰ এই অনুপাত ৪.৩ শতাংশ কমি হৈছে ৭৯.৮ শতাংশ । ১৯৫১চনত দেশত হিন্দু আছিল ৮৪.১ শতাংশ আৰু মুছলমান আছিল ৯.৮শতাংশ । অৱশ্যে প্ৰত্যেকটো ধৰ্মৰ লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সমানুপাতিক বুলি পত্ৰত কোৱা হৈছে । ইয়াত ব্যতিক্ৰম মাথোঁ পাৰ্চী ধৰ্মাৱলম্বী লোকসকল ।
গৱেষণা পত্ৰখনত দেশৰ কেইখনমান ৰাজ্যত থকা কন্যা সন্তানকৈ পুত্ৰ সন্তানক প্ৰাথমিকতা প্ৰদান কৰাৰ মানসিকতাৰ কাৰণে প্ৰজনন ক্ষমতাৰ হাৰত অস্বাভাৱিক তাৰতম্য পৰিলক্ষিত হ’ব পাৰে উল্লেখ কৰা হৈছে । এই মানসিকতা কাৰণে ১৯৭০চনৰ পৰা ২০১৭চনৰ ভিতৰত ২কোটি কন্যা সন্তানৰ জন্মই নহ’ল বুলি উল্লেখ কৰা হৈছে পত্ৰখনত । দেশৰ ভিতৰত বিহাৰত সৰ্বাধিক প্ৰজনন ক্ষমতা (৩.৪) থকাৰ বিপৰীতে ১.৬ পৰিসংখ্যাৰে কেৰেলাত সৰ্বনিম্ন ।
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত হিন্দুৰ জনসংখ্যা অনুপাতৰ হিচাপত সৰ্বাধিক ত্ৰিপুৰাত । সীমান্ত ৰাজ্যখনত ৮৩ শতাংশ হিন্দু লোক আছে । অসমৰ এই পৰিসংখ্যা ৬১ শতাংশ । প্ৰজননৰ ফালৰ পৰা শীর্ষত আছে নাগালেণ্ড । নাগালেণ্ডত প্ৰজননৰ হাৰ ২.৭ । অন্যহাতেদি প্ৰজননৰ হাৰ সকলোতকৈ কম ত্ৰিপুৰাত – ১.৭ । অসমত এই হাৰ ২.২ যি ৰাষ্ট্ৰীয় হাৰতকৈ বেছি ।
উল্লেখযোগ্য যে গৱেষণা পত্ৰখনত প্ৰৱজনৰ ফলত ধৰ্মৰ ভিত্তিত দেশত জনসংখ্যাৰ বিশেষ তাৰতম্য ঘটা নাই বুলি উল্লেখ কৰা হৈছে । দেশৰ ৯৯ শতাংশ লোকৰ ভাৰততে জন্ম হৈছে বুলি উল্লেখ পত্ৰখনত ।
