চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বৰহাট লাকিলী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈ (Arunabh Gogoi) ২০১৮ চনৰ ২৯ ডিচেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীন (ULFA-I)ত যোগদান কৰিছিল। তাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক নাই অৰুণাভৰ।
শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান অৰুণাভে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰা সময়তে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল। আনহাতে ইয়াৰ পাছতে অৰুণাভক ঘৰলৈ উভতি আহিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল পৰিয়ালৰ লোকে। এতিয়া ছচিয়েল মিডিয়াত একাংশই লিখামতে আলফা স্বাধীনে এবছৰ আগতেই মৃত্যুদণ্ড বিহিছে অৰুনাভক।
এই ছচিয়েল মিডিয়া পোষ্ট অনুসৰি আলফা স্বাধীনৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসম (General Paresh Asom)ৰ নিৰ্দেশত মেজৰ জেনেৰেল নয়ন অসম (Nayan Asom)ৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া বুলি খবৰ পোহৰলৈ আহিছিল। ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰ (Myanmar)স্থিত ডাইমণ্ড কেম্পত মৃত্যুদণ্ড দিয়া বুলি সামাজিক মাধ্যমত সম্প্ৰতি চৰ্চা চলিছে। কিন্তু আলফা স্বাধীনৰ তৰফৰ পৰা এই সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই। যাৰ ফলত এতিয়া অধিক চিন্তিত হৈ পৰিছে অৰুণাভৰ পৰিয়াল ।
