জম্মু-কাশ্মীৰত বান্দিপোৰাত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। পুৱা সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ অধিক জোৱান ঘটনাস্থলীত নিয়োগ কৰা হৈছে। বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ হাজিন অঞ্চলত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু লস্কৰ-ই-তৈবাই নতুন সদস্যভৰ্তিৰ বাবে তৈয়াৰ কৰা ব্লুপ্ৰিণ্ট ফাদিল কৰিবলৈ সক্ষম হৈছিল।
দেওবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰা জিলাত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল। এই বিষয়ে আৰক্ষীয়ে সংবাদ মাধ্যমক সদৰি কৰিছিল। জম্মু-কাশ্মীৰ আৰক্ষী বিভাগৰ মতে, উত্তৰ কাশ্মীৰৰ বান্দিপোৰাৰ বাটনিৰা অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি পেলাইছিল।
আৰক্ষীৰ মতে, তালাচী অভিযানৰ সময়ত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰিছিল। নিৰাপত্তাৰক্ষীয়েও উগ্ৰপন্থীৰ গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়াত সংঘৰ্ষৰ সূত্ৰপাত হয়৷ আৰক্ষীৰ তথ্য অনুসৰি উগ্ৰপন্থীৰ বিৰুদ্ধে সংঘৰ্ষ বৰ্তমানেও চলি আছে আৰু আজি বিয়লিলৈ অভিযানৰ সামৰণি পৰাৰ সম্ভাৱনা আছে।
ইতিমধ্যে এই অভিযানকালত আৰক্ষীয়ে ৩জন লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, ভাৰতত বৃহৎ কূটাঘাতৰ লক্ষ্যৰে উগ্ৰপন্থীৰ দলটোৱে প্ৰৱেশ কৰিছিল। বৰ্তমানলৈকে সংঘৰ্ষত আৰক্ষী তথা সেনাৰ কোনো লোক হতাহত হোৱা নাই।
Tags:
National
