গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যা ৰ ঘটনা। আৰ্থিক দৈন্যৰ বাবে পত্নী আৰু পুত্ৰক হত্যা কৰি (Man Killed Wife and Son) আত্মহত্যা কৰিলে এজন লোকে। মহানগৰীৰ সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং বাসগৃহত এই চাঞ্চল্যকৰ তথা কৰুণ ঘটনা সংঘটিত হৈছে।
এজন হোমিও ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পত্নীৰ ডিঙি কাটি আৰু ছয় বছৰীয়া পুত্ৰক ডিঙি চেপি হত্যা কৰে আৰু পিছত নিজে আত্মহত্যা কৰে। অৱশ্যে পত্নীগৰাকী সংকটজনক অৱস্থাত GMCHত মৃত্যুৰ সৈতে যুঁজি আছে।
ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছ তদন্ত। আৰ্থিক দীনতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।।
