নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰি দুৰ্ঘটনা (Nimatighat Boat Accident) সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandramohan Patowary)য়ে ।
যোৰহাটৰ নিমাতীঘাটত নিয়োজিত একাংশ বিষয়া-কৰ্মচাৰীক বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে মন্ত্ৰীগৰাকীয়ে।
৭২ গৰাকী বিষয়া-কৰ্মচাৰী ঘাটটোত নিয়োজিত হৈ থকাৰ পিছতো কেনেদৰে এই দুৰ্ঘটনা হ'বলৈ পালে বুলি প্ৰশ্ন মন্ত্ৰী পাটোৱাৰীৰ ।
দুৰ্ঘটনাৰ সময়ত কৰ্তব্যত থকা বিষয়া-কৰ্মচাৰীৰ তালিকা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে ।
কৰ্তব্যত গাফিলতি কৰা তথা এই দূৰ্ঘটনাৰ বাবে দায়বদ্ধ বিষয়া-কৰ্মচাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে থানাত গোচৰ ৰুজু কৰি আৰক্ষীৰ দ্বাৰাও কৰা হ'ব তদন্ত ।
ইতিমধ্যে এটা ইঞ্জিন যুক্ত নাৱৰ চলাচল বন্ধ কৰা হৈছে । এতিয়াৰে পৰা মেৰাইন ইঞ্জিন (marine engine) যুক্ত ফেৰীহে চলিব পাৰিব । তেনে ইঞ্জিন ক্ৰয় কৰিবলৈ চৰকাৰে প্ৰদান কৰিব লগা ১০ লাখ টকাৰ ৭৫% বিশ্ববেংকৰ ৰাজসাহাৰ্য হ'ব আৰু বাকী ২৫% ধন ৰাজ্য চৰকাৰে প্ৰদান কৰিব।

ফেৰীত লাইফ জেকেটকে ধৰি সুৰক্ষা ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলিব লাগিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।