শ্ৰদ্ধা কাপুৰৰ বিয়া ! প্ৰেমিক ৰোহন শ্ৰেষ্ঠক বিয়া পাতিব শ্ৰদ্ধাই

 


বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ কিছু সময়ৰ পৰা নিজৰ বিয়াক লৈ শিৰোনাম দখল কৰি আছে। কেইমাহমান আগতে শ্ৰদ্ধাই শীঘ্ৰেই চেলিব্ৰিটী ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠক বিয়া কৰাব বুলি অনুমান কৰা হৈছিল। এটা সম্ভাৱনা আছে যে দুয়োজনে সোনকালেই বিবাহপাশত আৱদ্ধ হ'ব পাৰে । অৱশ্যে শ্ৰদ্ধাই তেতিয়া এইবোৰ উৰাবাতৰি বুলি খাৰিজ কৰিছিল। কিন্তু এতিয়া আকৌ এবাৰ দুয়োৰে বিবাহৰ কথা পূৰ্ণ গতিত চৰ্চিত হৈছে।


২০১৯ চনত শ্ৰদ্ধাই এখন আলোচনীৰ ফটোছুট কৰাৰ সময়ত ৰোহনৰ সৈতে একেলগে কাম কৰিছিল। সেই সময়ত ভাতৃ সিদ্ধান্ত কাপুৰ আৰু সহ-অভিনেতা বৰুণ ধাৱানে শ্ৰদ্ধা আৰু ৰোহনক জোকাইছিল। তেতিয়াৰ পৰা তেওঁলোকৰ সম্পৰ্ক নিবিড় হৈছে। এতিয়া শ্ৰদ্ধা কাপুৰৰ সম্পৰ্কীয় ভায়েক প্ৰিয়াংক শৰ্মা আৰু তেওঁৰ মাহীয়েক অভিনেত্ৰী পদ্মিনী কোলহাপুৰী  শ্ৰদ্ধা আৰু ৰোহনৰ বিয়াক লৈ ওলোৱা বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰিয়াংকে India.comত  শ্ৰদ্ধা আৰু ৰোহনৰ বিবাহক লৈ প্ৰচাৰিত বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰিয়াংকে শ্ৰদ্ধাৰ বিবাহ সন্দৰ্ভত কয়, "মই কোনো মন্তব্য নকৰোঁ, কিন্তু এটা কথা হয় যে বিয়াৰ বাবে অপেক্ষা কৰাটো নিশ্চিতভাৱে ভাল। নহয় জানোঁ!"

আনহাতে শ্ৰদ্ধা কাপুৰৰ মাহীয়েক পদ্মিনী কোলহাপুৰীয়ে কয়, 'এইটো এটা অতি অদ্ভুত প্রশ্ন। যদি তেনে হয়, আপোনালোকে খবৰ পাই যাব।'

ইয়াৰ পূৰ্বে ৰোহনৰ পিতৃয়ে কৈছিল, "শ্ৰদ্ধা আৰু ৰোহন দুয়ো কলেজীয়া বন্ধু, তেওঁলোকৰ জুহুতো কেইবাগৰাকী বন্ধু-বান্ধৱী আছে। দুয়ো নিজৰ কাম ভালদৰেই কৰি আছে। সেয়ে বিয়াক লৈ তেওঁলোকে কিবা সিদ্ধান্ত ল'লে পৰিয়ালে সন্মতি দিব, কাৰণ তেওঁলোকে যি সিদ্ধান্ত ল'ব সেয়া সঠিক হ'ব বুলি ভাবিছোঁ।"

Post a Comment

Previous Post Next Post