দেশভক্তিৰে ভৰা ভিডিঅ' শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত


 

অভিনেতা অনুপম খেৰ ছচিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে। কণ কণ শিশুৰ প্ৰতি অনুপম খেৰৰ স্নেহৰ তুলনা নাই। ইণ্টাৰনেটত কেতিয়াবা শিশুসকলৰ ভাল ভিডিঅ' পালে শ্বেয়াৰ কৰিবলৈ নেৰে অনুপম খেৰে। শেহতীয়াকৈ এনে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল অভিনেতাজনে। কেইটিমান শিশুৱে দেখুৱাইছিল দেশভক্তিৰ অপূৰ্ব নিদৰ্শন। কিন্তু ভুল হৈ গ'ল অনুপম খেৰৰ।


টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি অনুপম খেৰে লিখিছিল,  ‘ভাৰতৰ কোনোবা গাঁৱৰ কেইটিমান শিশুৱে মিলি নিজৰ এটা বেণ্ড সাজু কৰিছে। তেওঁলোকৰ নাই কোনো আধুনিক বাদ্যযন্ত্ৰ। আৰু সিহঁতে সুৰ কি বাছনি কৰিছে! সেনাৰ বেণ্ড, কাৰণ সিহঁতে জানে আচল শক্তি হৃদয়তহে থাকে। এই শিশুকেইটাৰ জয় হওক! ক'ত থাকে এই শিশুকেইটা?'


পিছে এই ভিডিঅ'টো ভাৰতৰ বুলি ভুলকৈ শ্বেয়াৰ কৰিছিল অনুপম খেৰে। ভিডিঅ'টো দেখি ছেহজাদ ৰয় নামৰ লোকজনে এইবুলি দিলে উত্তৰ, "ছাৰ, এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ। এইটো কেইদিনমান আগত মই শ্বেয়াৰ কৰিছিলোঁ। আপুনি লিখিছে যে এই প্ৰতিভাৱান শিশুকেইটি ভাৰতৰ আৰু সেয়ে মই বিনম্ৰভাৱে এটা শুধৰণি দিব বিচাৰোঁ যে শিশুকেইটি পাকিস্তানৰ 'হুনঝা'ৰ আৰু মই তেওঁলোকৰ সম্পৰ্কত আছোঁ আৰু তেওঁলোকক প্ৰয়োজনীয় বাদ্যযন্ত্ৰৰো যোগান ধৰিছোঁ।"

Post a Comment

Previous Post Next Post