আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰি আৰক্ষীৰ জালত পৰা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ উপ–সচিব চাইবুৰ ৰহমানৰ এটাৰ পাছত আন এটা সম্পত্তিৰ ওপৰত আৰম্ভ হৈছে তালাচী অভিযান৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই বুধবাৰে গুৱাহাটীত দুটাকৈ প্রাসাদোপম অট্টালিকাত অভিযান চলাই সোণ–হীৰা আৰু মাটিৰ নথি–পত্র উদ্ধাৰ কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ দুর্নীতিগ্রস্ত বিষয়াজনক লৈ বৰপেটাৰ কয়াকুছিত চলালে অভিযান৷
বৃহস্পতিবাৰে অভিযানকালত পুনৰ নতুন নতুন সম্পত্তিৰ তথ্য পোহৰলৈ আহে৷ ধনকুবেৰ চাইবুৰ ৰহমানৰ গুৱাহাটীত ২৬টা মাটিৰ প্লট থকাৰ লগতে দুটাকৈ আছে বিয়াগোম অট্টালিকা৷ বৰপেটাতো এইজন দুর্নীতিগ্রস্ত বিষয়াই ক্রয় কৰিছে ৪১টাকৈ মাটিৰ প্লট৷ বৰপেটা জিলাত থকা তেওঁৰ ৪১টা মাটিৰ প্লটৰ সৰহসংখ্যকেই হৈছে কৃষিভূমি৷
১০০ বিঘাতকৈ অধিক এই কৃষিভূমিৰ লগতে চাইবুৰ ৰহমানৰ আছে পেট্র’ল পাম্প, ৩০খন ভাৰাতীয়া দোকান আৰু আন কেইবাটাও ঘৰ৷ ইতিমধ্যে অভিযানকালত চিনাক্ত হোৱা অট্টালিকাৰ মূল্য কিমান হ’ব, সেই সন্দর্ভত গড়কাপ্টানী বিভাগৰ জৰিয়তে মূল্যায়নৰ কাম আৰম্ভ কৰিছে তদন্তকাৰী দলে৷
পৰ্বতসম সম্পত্তিৰ তালিকা ৰাজহুৱা হোৱাৰ পিছতে ৬দিনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জিম্মাত থকা ACS ছাইবুৰ ৰহমানৰ সঘনাই অৱনতি ঘটিছে স্বাস্থ্যৰ ৷ বাৰম্বাৰ স্বাস্থ্য পৰীক্ষা কৰাটো বিচাৰিছে ACS গৰাকীয়ে৷ যাৰ বাবে শুকুৰবাৰে পুৱাই MMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অনা হয় ACS ছাইবুৰ ৰহমানক৷
স্বাস্থ্য পৰীক্ষা কৰিয়ে পুনৰ ছাইবুৰক লৈ যোৱা হয় পাণবজাৰ থানাৰ লকআপলৈ৷ অহা ৩০ আগষ্টলৈ আৰক্ষীৰ জিম্মাত থকা ছাইবুৰক প্ৰয়োজনত পুনৰ জিম্মাত বিচৰা সম্ভাৱনাই এতিয়া প্ৰকট হৈ উঠিছে ৷
স্বাস্থ্য পৰীক্ষা কৰিয়ে পুনৰ ছাইবুৰক লৈ যোৱা হয় পাণবজাৰ থানাৰ লকআপলৈ৷ অহা ৩০ আগষ্টলৈ আৰক্ষীৰ জিম্মাত থকা ছাইবুৰক প্ৰয়োজনত পুনৰ জিম্মাত বিচৰা সম্ভাৱনাই এতিয়া প্ৰকট হৈ উঠিছে ৷
Tags:
Assam