কংগ্ৰেছ এৰি BJPলৈ যাব নেকি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই?

                                  

তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই শাসকীয় BJPত যোগ দিব নেকি? এই চৰ্চা বিগত কিছুদিন ধৰি চলি থকাৰ মাজতে শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল যদিও কোনো স্পষ্ট উত্তৰ নিদিলে৷


যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷ সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ মঞ্চত উঠি বিধায়ক বৰুৱাই আচলতে কি ইংগিত দিলে সেই লৈ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলিছে।

এই প্ৰসংগত তেওঁ কংগ্ৰেছ ত্যাগ নকৰে বুলি কৈছে৷ কিন্তু শুকুৰবাৰে দিছপুৰৰ বিধায়ক আৱাসত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট নকৰিলে স্থিতি। কেৱল তিতাবৰ সমষ্টিৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব বুলি কয়৷
BJPয়ে তেওঁক কংগ্ৰেছ ত্যাগ কৰি BJPত যোগ দিবলৈ প্ৰস্তাৱ দিছে নেকি? এই প্ৰশ্নৰো নাই বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ হাতত৷

উল্লেখযোগ যে দুদিনমানৰ পূৰ্বে বিধানসভাৰ চৌহদত BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেৱল ভাস্কৰজ্যোতি বৰুৱাই নহয়, আৰু দুই-তিনিজন বিৰোধী বিধায়কে BJPত যোগ দিব বুলি সদৰি কৰিছিল৷

Post a Comment

Previous Post Next Post