Mangal Gochar 2023 : মে’ মাহত সলনি হ’ব এই তিনি ৰাশিৰ লোকসকলৰ ভাগ্য়!



 কালৰ নিয়ম মানি নিজৰ স্থান পৰিৱৰ্তন কৰে গ্ৰহ–নক্ষত্ৰই। সেই পৰিৱৰ্তনক বিশেষ গুৰুত্ব দিয়া হয় ভাৰতীয় জ্যোতিষশাস্ত্ৰত। ধাৰণা কৰা হয়, এই স্থান পৰিৱৰ্তনে প্ৰভাৱ পেলায় দ্বাদশ ৰাশিচক্ৰৰ ওপৰত। যাৰ ফলত পৃথিৱীৰ সমস্ত মানুহৰ ওপৰত প্ৰভাৱ পৰে। আগন্তুক ১০ মে’ত ৰাশি পৰিৱৰ্তন কৰিব মঙ্গলে।

জ্যোতিষশাস্ত্ৰ অনুসৰি আগন্তুক ১০ মে’, দুপৰীয়া ২ বাজি ১৩ মিনিটত গ্ৰহৰ সেনাপতি মঙ্গলে মিথুন ৰাশি এৰি কৰ্কটত গমন কৰিব। ১ জুলাইৰ দুপৰীয়া ২.৩৬ বজা পৰ্যন্ত কৰ্কটতে তেওঁৰ অৱস্থান – পিছত সিংহ ৰাশিত গোচৰ।১০ মে’ত মংগল গোচৰৰ ফলত কোনো কোনো ৰাশিৰ জীৱনত শুভ প্ৰভাৱ পৰিব। আকৌ কোনো কোনো ৰাশিৰ জাতক–জাতিকা থাকিব লাগিব সতৰ্ক হৈ। কোন ৰাশিৰ জীৱনত পৰিব শুভ প্ৰভাৱ চাওক।
কন্যা : মংগল এই ৰাশিৰ একাদশ ঘৰত প্ৰৱেশ কৰিব। এই অৱস্থাত কন্যা ৰাশিৰ জাতক–জাতিকাৰ সমস্ত ইচ্ছা পূৰণ হ’ব পাৰে। ৰৈ থকা কাম শেষ হ’ব, আৰ্থিক অৱস্থা শক্তিশালী হ’ব পাৰে। ব্যৱসায় লাভৰ সম্ভাৱনা আছে। কিন্তু বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে যদিও সেয়া দূৰ কৰা সম্ভৱ।

কুম্ভ : এই ৰাশিৰ ষষ্ঠ ঘৰত কমন কৰিব মংগলে। এই পৰিস্থিতিত এই ৰাশিৰ জাতক–জাতিকাসকলে জীৱনৰ সকলো ক্ষেত্ৰতে সফল হ’ব। শত্ৰু বিজয় সম্ভৱ হ’ব। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা লাভ কৰিব। বেতন বৃদ্ধি বা পদোন্নতিৰ সম্ভাৱনা আছে। কিন্তু অর্থ ব্যয় বাঢ়িব পাৰে। কোনো ব্যৱসায়িক ভ্ৰমণত যোৱাৰ প্ৰয়োজন হ’ব পাৰে। পৰিয়ালৰ সৈতে সময় ভালদৰে পাৰ হ’ব।

মীন : এই ৰাশিৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব মংগলে। এই পৰিস্থিতিত এই ৰাশিৰ জাতক–জাতিকাৰ সম্পদ বৃদ্ধি হ’ব। দীৰ্ঘদিনৰ ৰৈ থকা আইনী কাম শেষ হ’ব পাৰে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকো সফল হ’ব পাৰে।

Post a Comment

Previous Post Next Post