নলবাৰীৰ গঞাই লাও-বেঙেনা খুৱাই নোৱালে ধুৱালে গৰুক



 আজি অসমীয়াৰ বাপতিসাহোন গৰু বিহু । ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে গৰু বিহু । পুৱাই নলবাৰীৰ বিভিন্ন প্ৰান্তত ৰাইজে গৰুক নোৱাই ধুৱাই গৰু বিহু পালন কৰে।


ব'হাগ বিহুৰ পহিলা দিনটোত গৰু বিহু উপলক্ষে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ । চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোধনক ওচৰৰ নৈ বা জান-জুৰিৰ পাৰলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে । দীঘলতি , মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু অপায় অমংগলৰ পৰা ৰক্ষা কৰাৰ কামনা কৰে।

অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটি পালন কৰাৰ এই দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ অনন্য নিদৰ্শন।নৈৰ ঘাটত গাঁৱৰ গঞা কৃষক ৰাইজে একেলগে মিলি গৰু ধুৱাই আনন্দ উল্লাস কৰে। সময়ৰ লগতে এই সংস্কৃতি কিছু ম্লান পৰিছে যদিও একেই আছে বাপতিসাহোন গৰু বিহু।

যদিওবা এতিয়া বিভিন্ন ঠাইত সমূহীয়াভাৱে গৰু বিহু উদযাপন কমিছে, তথাপিও নিজৰ পুখুৰী বা ঘৰতে গৰু নোৱাই ধুৱাই পালন কৰে গৰু বিহু। নলবাৰীৰো বিভিন্ন প্ৰান্তত নৈ আৰু বিল-পুখুৰীৰ পাৰত আনন্দ মনেৰে এইদৰে গৰু বিহু উদযাপন কৰিলে চহা কৃষক ৰাইজে। গৰু বিহুৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়।

গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি 'জাগ দিয়া' পৰম্পৰাাও আছে। প্ৰবাদ আছে যে অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে অসমীয়া সমাজে বিচনী ব্যৱহাৰ কৰে।

Post a Comment

Previous Post Next Post