গৰু বিহুৰ দিনটোতে অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী এইমছ মুকলিৰ লগতে আন প্ৰকল্প উদ্বোধন কৰাৰ পিছতে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়।সৰুসজাইত প্ৰধানমন্ত্ৰীৰ কাৰণে সজোৱা বিহুৰ প্ৰতীকসম্বলিত ৰথত উঠি বিহুৱা-বিহুৱতীক অভিবাদন জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ভাষণ ৰাখে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰুসজাইত অসমীয়া ভাষাতে সকলোকে সম্বোধন কৰি ৰঙালী বিহুৰ শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীয়ে কয়- ''মই অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।''
ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা বিশ্ববিজয়ী নজোৱান কবিতা আবৃত্তি কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ যি দৃশ্য দেখিছোঁ এয়া অবিস্মৰণীয়। মোদীৰ মতে আজিৰ এই অনুষ্ঠান যিসকলে প্ৰত্যক্ষ কৰিছে, সেয়া জীৱনজুৰি পাহৰিব নোৱাৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কাজি নেমু, লেচু, জহা চাউলৰ পিছত অসমীয়া গামোচাই GItag লাভ কৰা সন্দৰ্ভত উল্লেখ কৰে। বিগত ৯ বছৰত তেওঁ সংযোগীকৰণৰ ক্ষেত্ৰত উত্তৰ-পূবত হোৱা কামৰ বিষয়ে প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পিছতে সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ বিহুনাচ উপভোগ কৰে মোদীয়ে। অসমৰ বিহু দেখি অভিভূত হৈ প্ৰধানমন্ত্ৰীগৰাকী।এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ প্ৰমাণপত্ৰ গীণিজ বুক ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে।
সৰুসজাইত এক অবিস্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসম তথা দেশৰ জনসাধাৰণ।হাজাৰ হাজাৰ বিহুৱা–নাচনীৰ বিহু দেখি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী।