কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে ডিব্ৰুগড়ৰ ডিকমত ভয়ংকৰ ঘটনা। এক দুৰ্ঘটনাক লৈ সূত্ৰপাত হয় উত্তপ্ত পৰিস্থিতিৰ। এক দুৰ্ঘটনাত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হৈছিল। আবেলি প্ৰায় ৩ বজাতে সংঘটিত এই ঘটনাই নিশালৈ ভয়ংকৰ ৰূপ লয়।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, এটা দুৰ্ঘটনাত তিনিগৰাকী মহিলাৰ মৃত্যু হৈছিল। তাৰ পিছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে বিভিন্ন দাবীত পথ অৱৰোধ কৰিছিল।
আৰক্ষী অধীক্ষকে জনোৱা মতে, আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজনি দিয়াৰ চেষ্টা চলাইছিল। পৰিস্থিতি শাম কাটিবলৈ লওঁতেই এখন এম্বুলেঞ্চে আন এজন লোকক খুন্দিয়ায়। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ঘটনাস্থলীত উপস্থিত থকা একাংশ ক্ষুব্ধ লোকে শিলগুটি নিক্ষেপ কৰা আৰম্ভ কৰে। একাংশ লোকে আৰক্ষীৰ এখন বাহনো জ্বলাই দিয়ে। ডিকম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গাড়ী জ্বলাই দিয়ে ক্ষুব্ধ লোকে।
এয়া এক অবাঞ্চনীয় ঘটনা বুলি মন্তব্য কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। অৱশ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনা নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰে।
এয়া এক অবাঞ্চনীয় ঘটনা বুলি মন্তব্য কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। অৱশ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনা নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰে।