আজি চ'তৰ সংক্ৰান্তি ৷ আজিৰে পৰা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন ৰঙালী বিহু ৷ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰিলে চহা অসমীয়াই । ৰঙালী বিহু অথবা ব'হাগ বিহু উদযাপন কৰা হয় সাদিনীয়াকৈ ৷
সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ'ল - গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷
জানো আহক সাতবিহুৰ তাৎপৰ্য-
গৰু বিহুঃ সংক্ৰান্তিৰ দিনটোত পালন কৰা হয় গৰু বিহু ৷ গৰু বিহুৰ দিনটোত পুৱাই গৰুক মাহ-হালধিৰে নোৱাই গা ধুওৱা হয় । ইয়াৰ পাচতে বাঁহৰ ছাটত গুঠি লোৱা লাও-বেঙেনা আদি গাত চটিয়াই গৰুৰ ন-শক্তি কামনা কৰা হয় ৷ সন্ধিয়া ভৰি ধুৱাই, জাক দি ন-পঘাৰে বন্ধা হয় ৷ মূলতঃ এই বিহুৰ জৰিয়তে কৃষিকৰ্ম বাবে অপৰিহাৰ্য গৰু নিৰোগী হোৱাৰ লগতে শক্তিশালী হোৱাৰ কামনা কৰা হয় ৷
মানুহ বিহুঃ পহিলা ব’হাগৰ দিনটো পালন কৰা হয় মানুহ বিহু হিচাবে ৷ মানুহৰ বিহুৰ পুৱা মাহ-হালধিৰে গা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে । জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়াৰ লগতে বিহুৰ উপহাৰ দিয়ে । এই দিনটোতে আত্মীয়-স্বজন আৰু আপোনজনৰ মাজত বিহুৱানৰ আদান-প্ৰদানকৰা হয় ৷
গোসাঁই বিহুঃ সাতবিহুৰ তৃতীয়টো দিন গোসাঁই বিহু হিচাবে পালন কৰা হয় । অৱশ্যে ঠাইভেদে কুটুম বিহু বুলিও কোৱা হয় ৷ উক্ত দিনত গাঁৱৰ ৰাজহুৱা ধৰ্মীয় স্থানত নাম-প্ৰসংগ কৰা হয় ৷ বছৰটো কুশলে যাবলৈ নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰা হয় ৷ আনহাতে এই দিনটোতে জী-জোঁৱাইসকল মাকৰ ঘৰলৈ যায় । ইষ্ট-কুটুম্বই পৰস্পৰক আদৰ কৰে ৷
তাঁত বিহুঃ তাঁতশাল অসমীয়াৰ অতিকে আদৰৰ ৷ তাঁতশালত সপোন ৰঁচে অসমীয়া শিপিনীয়ে ৷ সেয়েহে ব'হাগ বিহুৰ চতুৰ্থটো দিনত পালন কৰা হয় তাঁতৰ বিহু ।
নাঙল বিহুঃ সাতবিহুৰ পঞ্চমটো দিন নাঙলৰ বিহু হিচাবে পালন কৰা হয় ৷ জাতিৰ পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱী অসমীয়াই নাঙল বিহু পালন কৰে । কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ ওচৰত চাকি-বন্তি জ্বলাই পালন কৰা হয় নাঙল বিহু ৷
জীয়ৰী বিহু অথবা চেনেহী বিহুঃ নাঙল বিহুৰ পাচদিনা জীয়ৰী বিহু অথবা চেনেহী বিহু পালন কৰা হয় ৷ বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে ৷
চেৰা বিহুঃ সাতবিহুৰ অন্তিমটো দিন চেৰা বিহু হিচাবে পালন কৰা হয় । কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয় ৷ চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে ৷ এই দিনটোতে বিচনীৰ বা লৈ গোৱা হয়- “নতুন কাপোৰ-পুৰণি কাপোৰে দিন যাওক; ন-ভাতে পুৰণি-ভাতে জীণ যাওক।” এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো গা শাঁত পৰি থাকে বুলি লোকবিশ্বাস আছে ৷