বৰপেটাত গৰু বিহুৰ দিনটোতে অঘটন, গৰুক গা ধুৱাবলৈ গৈ যুৱকৰ সলিল সমাধি

 


বৰপেটাৰ হাউলীৰ পৰাভঁৰাল গাঁৱত গৰু বিহুৰ দিনটোতে অঘটন৷ পল্লা নৈত গৰুক গা ধুৱাই থকা অৱস্থাত এজন যুৱকৰ সলিল সমাধি৷ পল্লা নৈত সলিল সমাধি ঘটা যুৱকজনৰ নাম শান্তনু নাথ ওৰফে সুজিৎ৷ ঘৰখনৰ একমাত্ৰ সন্তান আছিল শান্তনু৷


যুৱকজনৰ মৃত্যুত ঘৰখনৰ লগতে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ৷ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হোৱা যুৱকজনে সম্প্ৰতি বি এইচ কলেজত স্নাতক দ্বিতীয় ষান্মাষিকত অধ্যয়ন কৰি আছিল৷

আজি পুৱা পৰাভঁৰাল গাঁৱৰ গঞাৰ সৈতে যুৱকজনে গাঁওখনৰ সমীপৰ পল্লা নৈত গৰুক গা ধুৱাবলৈ গৈছিল৷ গৰুক গা ধুৱাই থকা অৱস্থাতে যুৱকজন নৈখনৰ গভীৰ পানীত ডুব যায়৷

অৱশ্যে ঘটনাটোৰ প্ৰায় ৪০ মিনিট পিছত স্থানীয় লোকে অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে চিকিৎসকে৷ পৰিয়াল আৰু গাঁওবাসীয়ে বিহুৰ আয়োজনত ব্যস্ত থকাৰ সময়তে হাউলীৰ পৰাভঁৰাল গাঁৱত সংঘটিত এনে শোকাৱহ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

ইপিনে, গাঁওখনৰ একাংশ লোকে অবৈধভাৱে মেচিনেৰে মাটি কটাৰ বাবেই যুৱকজনে কৰুণ মৃত্যুক সাবটিবলগীয়া হোৱাৰ অভিযোগ তুলিছে৷ নৈৰ তলত চেল’ মেচিনেৰে মাটি কটাৰ ফলত সৃষ্টি হোৱা গভীৰ গাতত পৰি এনেদৰে এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক সহজভাৱে লোৱা নাই গাঁওবাসীয়ে৷ এইক্ষেত্ৰত নৈখনত কোনে অবৈধভাৱে মাটি খান্দিছিল সেইবিষয়ে আৰক্ষীক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে গাঁওবাসীয়ে৷

Post a Comment

Previous Post Next Post