IITত হিন্দী, অসমীয়াত শিক্ষাদানৰ পৰামৰ্শৰে ৰাষ্ট্ৰপতিলৈ সংসদীয় কমিটীৰ প্ৰতিবেদন



 ব্ৰিটিছ শাসকে ভাৰতীয়ৰ ওপৰত এক প্ৰকাৰে জাপি দিয়া ইংৰাজী ভাষাৰ পৰা স্বাধীনতাৰ সুদীৰ্ঘ ৭৫ বছৰৰ পিছত অন্তত পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে চৰকাৰী ভাষাৰ সংসদীয় কমিটীয়ে ৰাষ্ট্ৰপতিলৈ কেতবোৰ পৰামৰ্শ প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠন হোৱা এই কমিটীখনে ৰাষ্ট্ৰপতিলৈ একাদশ সংখ্যক প্ৰতিবেদন প্ৰেৰণ কৰি IITৰ নিচিনা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতো হিন্দী তথা আন ভাৰতীয়  ভাষাত শিক্ষাদানৰ পৰামৰ্শ আগবঢ়াইছে ।


কমিটীৰ সদস্যসকলে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জনোৱা মতে হিন্দীভাষী ৰাজ্যকেইখনত থকা  IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহ আৰু কেন্দ্ৰীয় বিদ্যালয় সমূহত হিন্দীত শিক্ষাদানৰ পোষকতা কৰা হৈছে । আৰু আন ভাৰতীয় ভাষাৰ ৰাজ্য কেইখনত স্থানীয় ভাষাত শিক্ষাদানৰ পৰামৰ্শ দিয়া হৈছে ।
উদাহৰণ স্বৰূপে কমিটীখনে বিচাৰে তেজপুৰ বিশ্ববিদ্যালয়, আই আই টি গুৱাহাটী, অসমৰ কেন্দ্ৰীয় বিদ্যালয় কেইখনত অসমীয়াত শিক্ষাদান হওক। ইয়াৰ পৰিবৰ্তে দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামীয়া আদিত ১০০ শতাংশ হিন্দীৰ ব্যৱহাৰ হওক।

উল্লেখযোগ্য যে কমিটীখনে প্ৰদান কৰা পৰামৰ্শ কাৰ্যকৰী কৰা বা নকৰাটো ৰাষ্ট্ৰপতিৰ একতিয়াৰৰ বিষয় । চৰকাৰী ভাষা আইন ১৯৬৩ৰ অধীনত ১৯৭৬ চনত এই কমিটীখন গঠন কৰা হৈছিল । কমিটীখনত ২০জন লোকসভাৰ সদস্য আৰু ১০জন ৰাজ্যসভাৰ সদস্য আছে। কমিটীখনে চৰকাৰী কামকাজত হিন্দীৰ ব্যৱহাৰ পৰ্যালোচনা কৰে আৰু প্ৰতি ৫ বছৰৰ মূৰত ৰাষ্ট্ৰপতিলৈ প্ৰতিবেদন প্ৰেৰণ কৰে । এইবাৰৰ প্ৰতিবেদনত হিন্দীৰ ব্যৱহাৰকলৈ ১০০টা পৰামৰ্শ প্ৰদান কৰা হৈছে ।

ইয়াৰে আন এটা পৰামৰ্শ হৈছে চৰকাৰী নিযুক্তিত বাধ্যতামূলক ইংৰাজীৰ প্ৰশ্নকাকত পৰিহাৰ কৰি হিন্দীৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা । হিন্দী ভাষী ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কামকাজ হিন্দী ভাষাত পৰিচালনা কৰা আৰু আন ৰাজ্যত স্থানীয় ভাষাত পৰিচালনা কৰাটোও এটা অন্যতম পৰামৰ্শ। লগতে ৰাষ্ট্ৰসংঘত হিন্দীয়ে স্বীকৃতি প্ৰাপ্ত ভাষাৰ মৰ্যাদা লাভ কৰাতোও বিচাৰে কমিটীখনে । হিন্দী ভাষাৰ ৰাজ্য কেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলে যদি জানিও চৰকাৰী কামকাজত হিন্দীৰ ব্যৱহাৰৰ নকৰে তেন্তে লোকক সকীয়াই দিয়া আৰু তাৰ পিছতো যদি নুশুনে বছেৰেকীয়া কৰ্মদক্ষতা প্ৰতিবেদনত উল্লেখ কৰাৰ  নিয়ম প্ৰৱৰ্তন কৰাৰো পোষকতা কৰে কমিটীখনে।

Post a Comment

Previous Post Next Post