গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত বিহুৰ অনন্য প্ৰদৰ্শন। একেলগে ১১হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু। বিহুৰ নামত স্থাপন হ'ল দুটাকৈ বিশ্ব অভিলেখ।
একে স্থানত ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শনৰ অভিলেখৰ লগতে একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰ অভিলেখ স্থাপন হ'ল সৰুসজাইত। গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত ঢোলবাদন আৰু বিহু নৃত্যৰ প্ৰদৰ্শনেৰে অভিলেখ স্থাপন হ'ল। বিহুৰ অপূৰ্ব পৰিৱেশনেৰে উদুলি মুদুলি হৈ পৰিল সৰুসজাই।