আজৱ প্ৰতিজ্ঞা; ২০২৩ লৈকে নৈশ আহাৰ গ্ৰহণ নকৰে এইগৰাকী বিজেপিৰ ৰাজ্যিক সভাপতিৰ


 আজৱ প্ৰতিজ্ঞা। যেতিয়ালৈকে বিজেপি শাসনত অধিষ্ঠিত নহয় তেতিয়ালৈকে পাগুৰি বা মালা পৰিধান নকৰো আৰু নৈশ আহাৰৰ পৰা বিৰত থাকিম’, এই প্ৰতিজ্ঞা ৰাজস্থান বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়াৰ।

উত্তৰ প্ৰদেশৰ আলীগড় চহৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত পুনিয়াই কয় যে মই বহুত আগতেই এটা প্ৰতিজ্ঞা লৈছিলো যে ৰাজস্থানত কৃষক বিৰোধী আৰু যুৱ বিৰোধী কংগ্ৰেছ চৰকাৰক শাসনৰ পৰা ওফৰোৱাৰ পিছতহে পাগুৰি আৰু মালা পিন্ধিম। মই ২০২৩ চনলৈকে নৈশ আশাৰো গ্ৰহণ নকৰো।

তেওঁ লগতে নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত ২০২৩ বৰ্ষত ৰাজস্থানত বিজেপিয়ে ক্ষমতা দখল কৰিব বুলিও সম্পূৰ্ণ নিশ্চিয়তা প্ৰদান কৰে।

উল্লেখ্য যে এই অদ্ভুত প্ৰতিজ্ঞাটোৰ বিষয়ে তেওঁ ৰাজস্থানৰ বিপৰীতে নিৰ্বাচনমুখী উত্তৰ প্ৰদেশৰ এখন নিৰ্বাচনী সভাত ৰাজহুৱা কৰে।

উল্লেখ্য যে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটেও ২০১৭ চনত ৰাজস্থানত দলটোৱে চৰকাৰ গঠন নকৰালৈকে পাগুৰি পৰিধান নকৰাৰ সংকল্প লৈছিল।

ৰাজস্থানৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত পাইলটে এই প্ৰতিজ্ঞাটো লৈছিল।

Post a Comment

Previous Post Next Post